২৫+ গোন্ধোৱা বনৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and Uses of Whiteweed

গোন্ধোৱা বনৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and Uses of Whiteweed/Ageratum Conyzoides

চমু পৰিচয়

পৃথিৱী ২,৫০,০০০ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে পৰিপুষ্ট। পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। এনে এবিধ উৎকৃষ্ট বনৌষধি গুণেৰে সমৃদ্ধ উদ্ভিদ হৈছে গোন্ধোৱা বন (Ageratum Conyzoides)। অতীজৰে গোন্ধোৱা বনৰ উপকাৰিতাৰ বাবে ইয়াক পৰম্পৰাগতভাৱে বিভিন্ন ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা হৈছে।

গোন্ধোৱা বন কি? (What is Whiteweed?)

গোন্ধোৱা বনৰ উপকাৰিতা আৰু ব্যৱহাৰ
গোন্ধোৱা বনৰ

গোন্ধোৱা বন (White weed) হৈছে এবিধ বাৰ্ষিক ঔষধি ভেষজ। গোন্ধোৱা বন উদ্ভিদ বিধ A. Conyzoides প্ৰজাতি আৰু Asteraceae পৰিয়ালৰ অন্তৰ্গত। এই উদ্ভিদবিধ পৰম্পৰাগত চিকিৎসা প্ৰণালীত ঔষধ হিচাপে ব্যৱহৃত হোৱাৰ এক দীঘলীয়া ইতিহাস আছে। গোন্ধোৱা বন উদ্ভিদবিধ যিকোনো বাগিচা, কৃষিভূমি, ঘাঁহনি, অৰণ্য, পতিত ভূমি, পথৰ কাষ, আৰ্দ্ৰ ভূমি, উপকূলীয় টিলা, অৱনমিত চৰণভূমি  এলেকাত বিকশিত হয়। উচ্চ বায়ু আৰ্দ্ৰতা থকা এলেকা বোৰত উদ্ভিদ বিধ সমৃদ্ধ, সেমেকা, খনিজ মাটিত সৰ্ব শ্ৰেষ্ঠভাৱে বিকশিত হয়। 

গোন্ধোৱা বন কʼত পোৱা যায়? (Where it is found?)

এই উদ্ভিদ বিধ দক্ষিণ – পূব উত্তৰ আমেৰিকা (Southeastern part of North America) পৰা মধ্য আমেৰিকাৰ স্থানীয়, কিন্তু মূলকেদ্ৰ মধ্য আমেৰিকা (Central America) আৰু কেৰিবিয়ান (Caribbean)ত পোৱা যায়। এই উদ্ভিদ বেছি ভাগ মেক্সিকো (Mexico), মধ্য আমেৰিকা (Central America), কেৰিবিয়ান (Caribbean)ত আৰু ফ্লৰিডাত (Florida) ত পোৱা যায়। গোন্ধোৱা বন (White weed) উদ্ভিদ ব্ৰাজিলকে (Brazil) ধৰি ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ কেইবাখনো দেশত পোৱা যায় আৰু ভাৰতৰ লগতে অসমৰো বহু ঠাইত এই উদ্ভিদ বিধ পোৱা যায়।

Read Also: ১২+ গিলইৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Giloy

আকাৰ আৰু প্ৰকৃতি

গোন্ধোৱা বন (White weed) হৈছে এক থিয়, সুগন্ধি, ক্ষীণ,বাৰ্ষিক ভেষজ, যি প্ৰায় ১৫-১০০ ছেণ্টিমিটাৰ ওখ হয়। উদ্ভিদ বিধৰ অগভীৰ তন্ত্তযুক্ত শিপা থাকে। ইয়াৰ পাতবোৰ বিপৰীত, ২০-১০০ মিলিমিটাৰ দীঘল, ৫-৫০ মিলিমিটাৰ বহল লোমযুক্ত Petioles ৫-৭৫ মিলিমিটাৰ দীঘল। যেতিয়া এই উদ্ভিদৰ পাতবোৰ গুৰি কৰা হয় তেতিয়া এই পাতবোৰৰ পৰা ছাগলীৰ গোন্ধ সৈতে মিল থকা এক বিশেষ গোন্ধ ওলাই। গোন্ধোৱা বন উদ্ভিদত গাই গুটিয়া ফুলৰ মুৰবোৰ পাতল নীলা, বগা বা বেঙুনীয়া, ৫০-১০০ মিলিমিটাৰ দিঘল পেডাকলত কঢ়িয়াই অনা হয় আৰু ৫ মিলিমিটাৰ ওপৰেৰে, ৪-৬ মিলিমিটাৰ দীঘল আৰু ৬০-৭৫ নলীকাৰ ফুল থাকে। ফুলৰ মুৰটো দুই বা তিনি শাৰী আয়তাকাৰ ব্ৰেক্টৰে আগুৰি থাকে যিবোৰ শেঁতা বা ৰঙা – বেঙুনীয়া শীৰ্ষৰ সৈতে সেউজীয়া হয়। ফুলবোৰ ১.৫-৩ মিলি মিটাৰ দীঘল আৰু ব্ৰেক্টৰ ওপৰত খুব কম ওলাই থাকে। ফুলবোৰ সাধাৰণতে জুলাইৰ পৰা ছেপটেম্বৰলৈকে হয়।

গোন্ধোৱা বন বাৰ্ষিক ভেষজ বিধ বিশ্বৰ বহুতো দেশত পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। জ্বৰ (Fever), ৰিউমেটিজম (Rheumatism), মূৰৰ বিষ (Headache), চুলি সৰা (Hair fall), চকুৰ সমস্যা (Eye problem), জৰায়ুৰ বিকাৰ (Uterine disorder), নিউমোনিয়া (Pneumonia) আদি ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত গোন্ধোৱা বনৰ উপকাৰিতা লক্ষ কৰা যায়।

পূব আফ্ৰিকাৰ কেনিয়া (Kenya, Africa)ত এণ্টি এজমাটিক (Anti asthmatic), এণ্টি স্পাস্মোডিক (Antispasmodic) আৰু হিমোষ্টেটিক (Haemostatic) প্ৰভাৱৰ বাবে গোন্ধোৱা বন ভেষজ বিধ পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। গোন্ধোৱা বন উদ্ভিদত ০.৭-২.০% অত্যাৱ্যকীয় তেল থাকে, লগতে এলকাইলড আৰু চেপোনিন থাকে। গোটেই উদ্ভিদ বিধ এণ্টি -ইনফ্লেমেটৰি(Anti-inflammatory) আৰু এণ্টি এলাৰ্জিক (Anti-allergic) গুণেৰে পৰিপূৰ্ণ।  

গোন্ধোৱা বনৰ মুখ্য উপাদান (Major elements of white weed/Ageratum Conyzoides)

  • Anti-inflammatory
  • Anti-allergic
  • Anti-nematicidal
  • Anticoagulant
  • Haemostatic
  • Analgesic
  • Anti-fungal
  • Anti-bacterial
  • Hypothermia
  • Anti diarrheal

গোন্ধোৱা বনৰ বিভিন্ন ভাষিক নাম সমূহ হ’ল-

  • হিন্দী ভাষাত : Jungli Pudina, Visadodi, Semandulu, Ghabuti, Bhakumbar
  • সংস্কৃত ভাষাত : Visamustil
  • মাৰাঠী ভাষাত : Ghanera Osaadi 
  • কান্নাড়া ভাষাত : Ooralagida, Helukasa, Shweta shadevi
  • তামিল ভাষাত : Pumpillu, Appakkoti
  • মালায়ালী ভাষাত : Kuttapa, Muriyan pacca
  • বাংলা ভাষাত : Chunti
  • নেপালী ভাষাত : Bheda Haar, Boko Ghaans

অনান্য নাম (Common name):  Ageratum, Appa grass, Bastard Agrimony, Billygoat- weed, Blue top, Chick weed, Cocks stick plant, Conyzoides Floss flower, Floss flower, Goat weed, Mother Brinkley, Tropic Ageratum, Winter Weed.

গোন্ধোৱা বনৰ জীৱবৈজ্ঞনিক শ্ৰেণবিভাজন (Scientific Classification of Whiteweed/Ageratum Conyzoides)

  • জগৎ/ৰাজ্য (Kingdom) : Plantae 
  • অশ্ৰেনিকৃত (Clade) : Tracheophytes
  • অশ্ৰেনিকৃত (Clade) : Angiosperms
  • অশ্ৰেনিকৃত (Clade) : Eudicots
  • অশ্ৰেনিকৃত (Clade) : Asterids
  • বৰ্গ (Order) : Asterales
  • পৰিয়াল (Family) : Asteraceae
  • গণ (Genus) : Ageratum
  • প্ৰজাতি (Species) : A. Conyzoides
  • বৈজ্ঞানিক নাম (Scientific name) : Ageratum Conyzoides

Read Also: 11+ মাটি কাঁদুৰিৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Sessile Joyweed

গোন্ধোৱা বনৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and uses of Whiteweed)

১. ডিঙিৰ বিষ, শূল, পাচন নলীৰ পাত্থৰাদি ৰোগৰ চিকিৎসাৰ বাবে গোন্ধোৱা বন (Whiteweed) ভেষজৰ ইনফিউচন (Infusion) আৰু টনিক (Tonic) ব্যৱহাৰ কৰা হয়।

২. শৰীৰৰ উচ্চ তাপমাত্ৰা (high temperature) হ্ৰাস কৰাৰ বাবেও গোন্ধোৱা বন উদ্ভিদৰ ইনফিউচন (Infusion) ব্যৱহাৰ কৰা হয়।

৩. শৰীৰত হোৱা  খজুৱতি ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত গোন্ধোৱা বনৰ উপকাৰিতা দেখা যায়। খজুৱতিৰ পৰা নিৰাময় পাবলৈ গোন্ধোৱা বন ভেষজ বিধৰ পাত পানীৰ সৈতে মিহলাই সেই পানী সেৱন কৰা হয়।

৪.  গোন্ধোৱা বন (White weed) ভেষজ বিধ শৰীৰৰ ঘাঁ আৰোগ্য লাভৰ বাবে উপকাৰী। শৰীৰৰ ঘাঁ নিৰাময় কৰিবলৈ গোন্ধোৱা বন উদ্ভিদৰ পাতবোৰ গুৰি কৰি ঘাঁ ওপৰত ব্যৱহাৰ কৰা হয়।

৫. গোন্ধোৱা বন উদ্ভিদ বিধ প্ৰদাহ প্ৰতিৰোধী (Anti-inflammatory) আৰু এণ্টি- এলাৰ্জিক (Anti-allergic)। এলাৰ্জিক ৰাইনটিছ (Allergic rhinitis) আৰু চিনুচাইটিছৰ (Sinusitis) চিকিৎসাৰ বাবে গোন্ধোৱা বন উদ্ভিদৰ সতেজ ৰস আৰু শুকান উদ্ভিদৰ নিষ্কাশন ব্যৱহাৰ কৰা হয়।

৬. প্ৰসৱোত্তৰ জৰায়ুৰ ৰক্তক্ষৰণৰ আৰোগ্য লাভৰ বাবে গোন্ধোৱা বনৰ  উপকাৰিতা থকা দেখা যায়। প্ৰসৱোত্তৰ জৰায়ুৰ ৰক্তক্ষৰণৰ চিকিৎসাৰ বাবে গোন্ধোৱা বন উদ্ভিদৰ ৰস ব্যৱহাৰ কৰা হয়।

৭. গোন্ধোৱা বন উদ্ভিদৰ ৰস হৈছে এণ্টিলিথিক (Antilithic) । গোন্ধোৱা বন (Whiteweed) উদ্ভিদৰ শিপাৰ ৰসৰ সৈতে নগাভাৰ (Schinus Wallichii)ৰ বাকলি মিহলি কৰি স্থানচ্যুত হাড় (Dislocated bone)ৰ স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা হয়।

৮. শৰীৰৰ কটা, ঘাঁ আৰু আঘাতৰ পৰা প্ৰতিকাৰ পাবলৈ গোন্ধোৱা বন উদ্ভিদ উপকাৰী। কটা, ঘাঁ আৰু আঘাতৰ চিকিৎসাৰ বাবে গোন্ধোৱা বন উদ্ভিদৰ ৰস ব্যৱহাৰ কৰা হয়।

৯. ছালৰ সমস্যাৰ বাবে গোন্ধোৱা বন (Whiteweed) উদ্ভিদ উপকাৰী। ছালৰ কণ্টক, শালমইনা আঁতৰাবলৈ গোন্ধোৱা বন ভেষজৰ পাতৰ পেষ্ট ব্যৱহাৰ কৰা হয়।

১০. গোন্ধোৱা বন উদ্ভিদৰ পাতৰ পেষ্টৰ সৈতে সমান পৰিমাণৰ Bidens pilosa, Drymaria cordata, Galinaoga parviflora আৰু Rhizome of Zinggiber Officinale মিহলি কৰি সৰ্প দংশনৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

১১. Scabies ৰ চিকিৎসাৰ বাবে গোন্ধোৱা বন ফুলৰ মুৰৰ ৰস ব্যাহিক ভাৱে ব্যৱহাৰ কৰা হয়, আনহাতে সেইবোৰ পেষ্ট ৰিউমেটিজমৰ (Rheumatism) চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

১২. চৰ্দী আৰু কাঁহৰ নিৰাময়ৰ বাবে গোন্ধোৱা বন ভেষজৰ ফুলৰ মুৰৰ সৈতে তুলসী পাতৰ চাহ তৈয়াৰ কৰি সেৱন কৰিলে চৰ্দী কাঁহ নিৰাময় হয়।

১৩. চুলিৰ সমস্যাৰ বাবে গোন্ধোৱা বন উদ্ভিদ বিশেষ উপকাৰী। গোন্ধোৱা বন উদ্ভিদৰ  সতেজ ৰস চুলি ধোৱা হিচাপে ব্যৱহাৰ কৰা হয়, যাৰ ফলত চুলি ঘন, সুগন্ধি আৰু উফি মুক্ত হয়।

১৪. গোন্ধোৱা বন উদ্ভিদ বিধ মানসিক ৰোগ আৰু সংক্ৰমণজাতীয় ৰোগ (Infection disease)  আৰু মূৰ বিষ (Cephalgia/headache), শ্বাস – কষ্ট (Dyspnoea), Enterlagia আৰু জ্বৰ (fever) আদিৰ প্ৰতিকাৰৰ বাবে পৰম্পৰাগত চিকিৎসাত ব্যৱহৃত হয়। 

১৫. গোন্ধোৱা বন (White weed) উদ্ভিদৰ প্ৰতিটো অংশৰ উতলুৱা ৰস হাঁপানি (Asthma) ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এই উদ্ভিদৰ বগা ফুলৰ প্ৰকাৰৰ পৰা প্ৰাপ্ত পাতবোৰ দাঁত বিষ (Toothache) হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা হয়।

১৬. শিশুৰ তীব্ৰ ডায়েৰিয়া ৰোগৰ নিৰাময়ৰ বাবে গোন্ধোৱা বন বিধ ব্যৱহাৰ কৰা হয়।

১৭. অমাশয় (Chronic Diarrhea) ৰোগৰ প্ৰতিকাৰৰ বাবে গোন্ধোৱা বন উদ্ভিদৰ ৰস ব্যৱহাৰ কৰা হয়।

১৮. পাকস্থলীৰ বিকাৰৰ আৰোগ্য লাভৰ বাবে গোন্ধোৱা বনৰ উপকাৰিতাৰ কথা নুই কৰিব নোৱাৰি। পাকস্থলীৰ বিকৰৰ পৰা নিৰাময় পাবলৈ গোন্ধোৱা বন উদ্ভিদৰ কাণ্ড, শিপা আৰু ফুল উতলাই কাৰ্হা (decoction) তৈয়াৰ কৰি ব্যৱহাৰ কৰা হয়।

১৯. উচ্চ ৰক্তচাপ (High blood pressure) নিয়ন্ত্ৰণৰ বাবে গোন্ধোৱা বন ভেষজ উপকাৰী। উচ্চ ৰক্তচাপ (High blood pressure) নিয়ন্ত্ৰণৰ বাবে গোন্ধোৱা বন উদ্ভিদৰ Decoction ব্যৱহাৰ কৰা হয়।

২০. Otitis media চিকিৎসাৰ বাবে গোন্ধোৱা বন উদ্ভিদৰ ৰস টোপাল হিচাপে কাণত দিয়া হয়।

২১. গোন্ধোৱা বন মেলেৰিয়া (Malaria) ৰোগৰ প্ৰতিষেধক। মেলেৰিয়া (Malaria) আৰু হালধীয়া জ্বৰৰ চিকিৎসাৰ বাবে গোন্ধোৱা বন ভেষজৰ পাত ব্যৱহাৰ কৰা হয়।

২২. কোষ্ঠ-কনিক্যৰ চিকিৎসাৰ বাবে গোন্ধোৱা বন বিধ ব্যৱহাৰ কৰা হয়।

২৩. Aspartylglucosaminuria (Agu) ৰ চিকিৎসাৰ গোন্ধোৱা বন উদ্ভিদৰ পাতবোৰ ব্যহিক ভাৱে ব্যৱহাৰ কৰা হয়।

২৪. মহিলা সকলৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ (Menstrual Cramp)  নিৰাময়ৰ বাবে গোন্ধোৱা বন ভেষজ উপকাৰী। ঋতুস্ৰাৱৰ সময়ত হোৱা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ গোন্ধোৱা বন উদ্ভিদৰ পাত ব্যৱহাৰ কৰা হয়।

২৫. নাইজেৰিয়া (Nigeria)ত Human Immunodeficiency Virus (HIV) ৰ চিকিৎসাৰ বাবে গোন্ধোৱা বন ভেষজৰ decoction ব্যৱহাৰ কৰা হয়।

২৬. মূৰৰ বিষ (Headache), পাজঁৰৰ বিষ (Rib Pain), আন্তঃ কোষীয় বিষ (Intercostal Pain), শৰীৰৰ কাষ বিষ (Body Side Pain) আৰু প্ৰদহজনিত ৰোগ যেনে – বাতবিষ (Arthritis) আৰু Macerates আদি ৰোগৰ চিকিৎসাৰ বাবে গোন্ধোৱা বন উদ্ভিদৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয়। 

* যদিও গোন্ধোৱা বন উদ্ভিদ বিধ বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে উপকাৰী তথাপিও এই ভেষজ বিধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত।

গোন্ধোৱা বন কিদৰে ব্যৱহাৰ কৰিব ? (How to use White weed)

গোন্ধোৱা বন (White weed) গোটেই উদ্ভিদ বিধেই ব্যৱহাৰ কৰিব পাৰি। গোন্ধোৱা বন উদ্ভিদৰ শিপা, কাণ্ড,পাত, ফুল সকলো অংশ ঔষধ হিচাপে  ব্যৱহাৰ কৰা হয়। গোন্ধোৱা বন উদ্ভিদৰ পাতৰ ৰস, ফুলৰ ৰস, শিপাৰ ৰস, পাতৰ পেষ্ট, ফুলৰ পেষ্ট,   নিষ্কাশন, decoction, শুকান উদ্ভিদৰ নিষ্কাশন আদি ভিন্ন ৰোগৰ নিৰাময়ৰ বাবে ভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি।

List of Jungali Pudina Products

Read Also: 13 জালুকৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ – Benefits of Black Pepper

গোন্ধোৱা বন অপকাৰীতা (Side effects of Ageratum Conyzoides)

  • গোন্ধোৱা বন (White weed) সেৱন কৰিলে যকৃতৰ ঘাঁ  আৰু টিউমাৰ হ’ব পাৰে।
  • Ethiopia ত গোন্ধোৱা বন ৰ সৈতে শস্য দূষিত হোৱাৰ ফলত এক গণ বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছিল।
  • গোন্ধোৱা বন উদ্ভিদত Pyrrolizidine alkaloids lycopsamine আৰু ehinatine থাকে যিবোৰ কিছু ক্ষেত্ৰত মানৱ শৰীৰৰ বাবে অপকাৰী প্ৰমাণিত হʼব পাৰে।
বি:দ্ৰ: যিকোনো ভেষজ ঔষধি উদ্ভিদ সঠিক পৰিমাণত ব্যৱহাৰ কৰা উচিত কিয়নো যিকোনো উদ্ভিদৰ অত্যাধিক তথা ভুল ব্যৱহাৰে আমাৰ কোনো ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষতি কৰিবও পাৰে। সেয়হে  এই গোন্ধোৱা বন (White weed) উদ্ভিদৰ উপকাৰিতা আৰু অপকাৰিতা দুয়োটা দিশেই লক্ষ্য কৰি ৰোগ নিৰাময় ক্ষেত্ৰত সঠিক মাত্ৰাত ইয়াৰ  ব্যৱহাৰ কৰিব লাগে। বিশেষ শাৰীৰিক অৱস্থাত ভোগা সকলে ইয়াৰ ব্যৱহাৰ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। 

সামৰণি

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনালোকে নিশ্চয় গোন্ধোৱা বন (White weed)ৰ  সাম্যক পৰিচয় পালে। এই ভেষজ উদ্ভিদ বিধৰ প্ৰকাৰ, মুখ্য উপাদান, উপকাৰ, ব্যৱহাৰ, অপকাৰ তথা অনান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে। আশা কৰো উক্ত প্ৰৱন্ধটিত উল্লেখ কৰা তথ্য সমূহে আপোনালোকক বিভিন্ন সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ!

Author: Mahezubin Saikia

Leave a Reply