নীমৰ উপকাৰিতা ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া – Benefits of Neem

নীমৰ উপকাৰিতা ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া – Benefits, uses and side effects of Neem:

নীম গছক স্বাস্থ্যৰ বাবে যিমান ভাল বুলি গণ্য কৰা হয় সিমানেই পৰিৱেশৰ বাবেও উৎকৃষ্ট বুলি গণ্য কৰা হয়। মানুহে বহু শতাব্দী ধৰি নীমক আয়ুৰ্বেদিক ঔষধ আৰু ঘৰুৱা প্ৰতিকাৰক হিচাবে ব্যৱহাৰ কৰি আহিছে। শৰীৰৰ সৈতে জড়িত বহুতো গুৰুত্বপূৰ্ণ সমস্যাৰ বাবে ইয়াৰ পাতৰপৰা সম্পূৰ্ণ গা-গছডালেই ব্যৱহাৰ কৰি আহিছে। গতিকে, এই প্ৰবন্ধটোত নীমৰ ব্যৱহাৰ কিমান লাভজনক আৰু ক্ষতিকাৰক এই দুইটা দিশেই বৰ্ণনা কৰা হৈছে৷ তদুপৰি, নীমৰ তেল বনোৱা বিধি সম্পৰ্কে আৰু ঔষধীয় গুন সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য ইয়াত অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰা হৈছে৷

নীমৰ ব্যৱহাৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া – Benefits of Neem

নীমৰ ব্যৱহাৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া

পৰিচয়ঃ নীম (what is neem?)

নীম হৈছে এক ঔষধি গছ, যাৰ প্ৰায় সকলো অংশ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ই মেহগনি (mahogany) পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াৰ উদ্ভিদবিজ্ঞানৰ নাম হৈছে Azadirachta Indica নামে জনা যায়। নীম গছৰ আয়ুস 150-200 বছৰৰ ভিতৰত হব পাৰে। আয়ুৰ্বেদত নীমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াক ছালৰ সমস্যাবোৰৰ লগতে স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। 

নীমৰ ঔষধীয় গুনাগুন / নীমৰ উপকাৰিতা

`নীমৰ এটা নহয় বহুতো ঔষধীয় গুণাগুন আছে। সেইকাৰণে ইয়াক বহু শতাব্দী ধৰি ব্যৱহাৰ কৰা হৈ আহিছে। দৰাচলতে, ইয়াত এণ্টিবেক্টেৰিয়েল (Anti-bacterial), এণ্টি ফাংগাল(Anti-fungal), এণ্টিঅক্সিডেণ্ট (Antioxidant)-মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰা আৰু এণ্টিভাইৰেল(Anti-viral)-ভাইৰেল সংক্ৰমণ প্ৰতিৰোধ থকা গুণাগুণ আছে। তদুপৰি, আপুনি জানি আচৰিত হ’ব পাৰে যে নীমৰ সাপৰ বিষৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষমতাও আছে।

নীমৰ পুষ্টিগত গুনাগুন(Nutrients In Neem Leaf)
নীমৰ পুষ্টিগত গুনাগুন
  • প্ৰটিন(Protein)
  • কাৰ্বহাইড্ৰেট(Carbohydrates)
  • কেলচিয়াম(Calcium)
  • ফচফৰাচ(Phosphorus)
  • ভিটামিন চি(Vitamin C)
  • কেৰটিন(Carotene)
  • এমিন এচিড(amino acids)
  • ফেটি এচিড(fatty acids)
নীমৰ উপকাৰিতা (Benefits of Neem in Assamese)

নীম গছক বিভিন্ন ধৰণৰ উপকাৰিতা আছে। ইয়াক ছালৰ লগতে বহুতো শাৰীৰিক সমস্যা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে, ইয়াত আমি স্পষ্ট কৰি দিওঁ যে নীম কোনো ৰোগৰ নিৰাময় নহয়। ই কেৱল ৰোগৰ লক্ষণবোৰ হ্ৰাস কৰিব পাৰে বা ৰোগ প্ৰতিৰোধ কৰিব পাৰে। 

নীমৰ উপকাৰিতাসমূহ (Benefits of Neem)

1. এণ্টিবেক্টেৰিয়েল গুণাগুণ(Antibacterial Properties)-

এণ্টিবেক্টেৰিয়েল গুণাগুণ

সংক্ৰমণৰ আশংকা যিকোনো লোকৰে থাকিব পাৰে আৰু ইয়াৰ আঁৰৰ এটা কাৰণ হৈছে সৰু সৰু বেক্টেৰিয়া যিবোৰ দৃশ্যমান নহয়। বিশেষকৈ বৰষুণৰ দিনবোৰত, এই সমস্যা আৰু বৃদ্ধি হ’ব পাৰে। এই ক্ষেত্ৰত, নীমৰ ব্যৱহাৰে ইয়াক প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। নীমে ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণৰ চিকিৎসাৰ বাবে এক কাৰ্যকৰী এণ্টিবেক্টেৰিয়েল এজেণ্ট হিচাপে কাম কৰিব পাৰে। আনহাতে, নীম পাতত থকা কুৱেৰচেটিন (Quercetin) আৰু বি-চাইটোষ্টৰল (ß-sitosterol) পলিফেনলিক ফ্ল্যাভোনয়েডচ এন্টিবেক্টেৰিয়েল আৰু এন্টিফাঙ্গাল বৈশিষ্ট্য আছে।  

2. ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ (Regulates Blood pressure)-

ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ -Regulates Blood pressure

উচ্চ ৰক্তচাপৰ সমস্যা প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো নীমৰ লাভালাভ দেখা যায়। দৰাচলতে, নীমৰ ৰক্তচাপৰ স্তৰ হ্ৰাস কৰাৰ গুণাগুণ আছে। এনচিবিআইৰ ৱেবছাইটত (NCBI-National Center for Biotechnology Information) প্ৰকাশিত এক গৱেষণা অনুসৰি, নীম মিথানল নিষ্কাশনত (methanol-extracts) থকা পলিফেনলবোৰে (polyphenols) উচ্চ ৰক্তচাপ প্ৰতিৰোধী গুণাগুণ অৰ্থাৎ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ মানদণ্ড নিশ্চিত কৰে। এই ক্ষেত্ৰত, উচ্চ ৰক্তচাপৰ সমস্যা প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিবলৈ নীমৰ ব্যৱহাৰ উপকাৰী হ’ব পাৰে। অৱশ্যে, যদি কোনোবাই উচ্চ বিপি(High Blood Pressure) ঔষধ গ্ৰহণ কৰি আছে, নীম খোৱাৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ ল’ব।

3. শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে (Helps in Respiratory System)-

শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে Helps in Respiratory System

নীম শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবেও উপযোগী হ’ব পাৰে। ইয়াৰ সৈতে সম্পৰ্কিত এক গৱেষণাত প্ৰকাশ কৰে যে নীম পাতৰ প্ৰদাহ-প্ৰতিৰোধী, বেক্টেৰিয়া-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। এই সকলোবোৰ গুণই পালমোনাৰী প্ৰদাহৰ (pulmonary inflammation- হাঁওফাঁওক প্ৰভাৱিত কৰিব পৰা ৰোগ) বিৰুদ্ধে সুৰক্ষামূলক প্ৰভাৱ দেখুৱাব পাৰে । আনহাতে, নীমৰ এণ্টি-এলাৰ্জিক(Anti-allergic) গুণাগুণে হাঁপানী(Asthma)ৰ সমস্যাৰ বাবে উপযোগী হ’ব পাৰে। এই ক্ষেত্ৰত, যোগাসনৰ লগতে নীমৰ ব্যৱহাৰ হাপানীৰ বাবে উপকাৰী হ’ব পাৰে। নীমে হাপানীৰ বাবে আয়ুৰ্বেদিক ঔষধৰ দৰে কাম কৰিব পাৰে।

4. আলচাৰৰ বাবে নীমৰ ব্যৱহাৰ (used in Ulcer problem)-

এক গৱেষণা অনুসৰি, নীম বাকলিৰ নিষ্কাশনে গেষ্ট্ৰিক হাইপাৰএচিডিটি (গেষ্ট্ৰিক এচিডৰ উচ্চ উৎপাদন/excess production of gastric acids) আৰু আলচাৰৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। নীম বাকলিৰ নিষ্কাশনে ঔষধৰ দৰে কাম কৰিব পাৰে। আনহাতে, এন.চি.বি.আই.(NCBI)ৰ এক গৱেষণাত নীমত এণ্টিআলচাৰ(Anti-ulcer)ৰ গুণাগুণ উল্লেখ কৰা হৈছে। এই ভিত্তিত, এইটো ক’ব পাৰি যে নীমৰ এণ্টিআলচাৰ গুণাগুণে আলচাৰ প্ৰতিৰোধ কৰাত সহায়ক ভূমিকা পালন কৰিব পাৰে। আনহাতে, যদি কাৰোবাৰ আলচাৰৰ সমস্যা হয়, চিকিৎসা ৰ পৰামৰ্শ অনুসৰি ব্যক্তিজনে প্ৰথমে চিকিৎসা লোৱা ভাল। লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে নীম বা নীম সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব।

নীম বাকলিৰ নিষ্কাশন/Neem juiceʼনলাইনযোগে সহজে উপলব্ধ…

5. ডায়েবেটিচত নীমৰ উপকাৰিতা (Benefits of Neem in Diabetes)-

নীমৰ তিক্ততা (Bitterness) ই ডায়েবেটিচৰ সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। নীমৰ হাইপোগ্লাইচেমিক (Hypoglycemic) প্ৰভাৱে ৰক্ত শৰ্কৰাৰ স্তৰ (Blood sugar level) নিয়ন্ত্ৰণ কৰাত উপযোগী হ’ব পাৰে। নীমৰ এণ্টি-হাইপাৰগ্লাইচেমিক গুণাগুণো আছে । এই ভিত্তিত, এইটো ধৰি ল’ব পাৰি যে, ডায়েবেটিচ প্ৰতিৰোধ কৰিবলৈ বা ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ নীম ব্যৱহাৰ কৰিব পাৰি। আনহাতে, যদি কোনোবাই ডায়েবেটিচৰ ঔষধ গ্ৰহণ কৰি আছে, নীম সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।

6. কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ নীম উপকাৰী

এন.চি.বি.আই.(NCBI) ৱেবছাইটত প্ৰকাশিত এক গৱেষণা অনুসৰি, নিম বীজ, পাত, ফুল আৰু ফলৰ নিষ্কাশনে বিভিন্ন কৰ্কট ৰোগৰ বিৰুদ্ধে কেমোথেৰাপী, কৰ্কট ৰোধী আৰু এণ্টিটিউমাৰৰ গুণাগুণ প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ উপৰিও, নিমৰ নিষ্কাশনে কৰ্কট কোষৰ বিস্তাৰ প্ৰতিহত কৰাত সহায় কৰিব পাৰে। প্ৰষ্টেট কৰ্কট, গ্ৰীৱাৰ কৰ্কট, স্তনৰ কৰ্কট, মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ বাবে নিম উপযোগী হ’ব পাৰে। এই ক্ষেত্ৰত, কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ নিম ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে উল্লেখনীয় যে, কৰ্কট ৰোগ যিহেতু এক গম্ভীৰ ৰোগ গতিকে চিকিৎসকৰ পৰামৰ্শক প্ৰাথমিকতা দিয়াটো জৰুৰী৷

নীম বাকলিৰ নিষ্কাশন/Neem juice সহজে ক্ৰয় কৰক…


7. মেলেৰিয়াৰ চিকিৎসাত নীমৰ ব্যৱহাৰ (Uses of Neem in the treatment of Malaria)- 

মেলেৰিয়াৰ প্ৰভাৱ আৰু ইয়াৰ লক্ষণবোৰ হ্ৰাস কৰাত নীম পাতৰ লাভালাভ দেখা যায়। দৰাচলতে, নীম পাতবোৰ এণ্টিমেলেৰিয়েল গুণাগুণত ( Antimalarial Properties-মেলেৰিয়া ৰোধী গুণাগুণ) সমৃদ্ধ, যি মেলেৰিয়াৰ ঔষধ হিচাপে কাম কৰিব পাৰে আৰু এই সমস্যাটো দূৰ কৰাত সহায় কৰিব পাৰে। এই ক্ষেত্ৰত, মেলেৰিয়াৰ চিকিৎসাৰ বাবে চিকিৎসাৰ লগতে নীমৰ ঘৰুৱা প্ৰতিকাৰৰ চেষ্টা কৰিব পাৰি। 

8. যকৃতক স্বাস্থ্যৱান ৰাখিবলৈ নীমৰ ব্যৱহাৰ (Uses of Neem to keep the liver healthy)-

নীম যকৃতৰ বাবে উপকাৰী হ’ব পাৰে। দৰাচলতে, নীমৰ ব্যৱহাৰ কৰিলে যকৃতৰ ক্ষতি আৰু কৰ্কট(Cancer) ৰোগ প্ৰতিহত কৰিব পাৰে। আনহাতে, এন.চি.বি.আই.(NCBI)  ৱেবছাইটত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, নিমত থকা এজেডিৰাক্টিন-এ (azadirachtin-A) যৌগটোৱে হেপ্টোপ্ৰটেক্টিভ (Hepatoprotective) অৰ্থাৎ যকৃতক সুৰক্ষা দিব পাৰে। এই ক্ষেত্ৰত, যকৃতক স্বাস্থ্যৱান ৰখাৰ বাবে নীম গ্ৰহণ উপযোগী হ’ব পাৰে।

9. ক্ষত বা ঘাঁ আদিৰ বাবে নীমৰ উপকাৰিতা (Neem to heal wounds)-

ক্ষত বা ঘাঁ আদিৰ বাবে নীমৰ উপকাৰিতা

নীমে বহু শতাব্দী ধৰি ক্ষতৰ চিকিৎসাৰ বাবে ব্যৱহৃত হৈ আহিছে।  প্ৰকৃতপক্ষে, ইয়াৰ ক্ষত নিৰাময়ৰ (wound healing) বৈশিষ্ট্য আছে।  তদুপৰি, নীম বা নীম তেলৰ ব্যৱহাৰ ক্ষতৰ লগতে ৰ‌েচৰ(rashes) সমস্যা কমোৱাতো কাৰ্যকৰ। এনে পৰিস্থিতিতে নিমৰ পেস্ট সাধাৰণ ক্ষত বা কাটিলে কাৰ্যকৰ হব পাৰে।  

কিদৰে নীম ব্যৱহাৰ কৰিব (How to Use Neem?)

  • নিমৰ পাতৰ পেস্ট ফেচপেক্ হিচাপে প্ৰয়োগ কৰিব পাৰে।
  • আধা চামুচ নিম পাতৰ ৰস আধা কাপ পানীত মিহলাই তেজ পৰিশোধক হিচাপে খাব পাৰি।
  • নিম পাতৰ গুৰি কৰি ঘাঁত পেষ্ট হিচাপে প্ৰয়োগ কৰিব পাৰি।
  • পাতল নিম শাখা দাতুন হিচাপে ব্যৱহাৰ কৰিব পাৰি।
  • নিম পাত ভাজি খাব পাৰি।
  • নিম পাতৰ পৰা তৈয়াৰ কৰা তেল উফি আৰু উকনি হ্ৰাস কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি।

নিমৰ তেল বনোৱা পদ্ধতি (Process of preparing Neem oil)

নিম তেল বজাৰত সহজে উপলব্ধ। তথাপি, ঘৰুৱাভাবে প্ৰস্তুত কৰি ব্যৱহাৰ কৰি ভাল পোৱা সকলৰ বাবে নিম তেল প্ৰস্তুতকৰণৰ সমপূৰ্ণ বিধি তলত উল্লেখ কৰা হʼল- 

নিমৰ তেল বনোৱা পদ্ধতি

সামগ্ৰী (Ingredients/materials):

  • নিম পাত – এক বাটি
  • নাৰিকল তেল – এক বাটি
  • গ্লাছ বটল- এটা
  • গ্ৰাইণ্ডাৰ (পাত গুৰি কৰিবলৈ)
  • স্ট্ৰেইনাৰ (তেল ফিল্টাৰ কৰিবলৈ)

পদ্ধতি (Process):

  • প্ৰথমে নীমৰ পাতবোৰ ভালদৰে ধুই শুকুৱাওক।
  • তাৰ পিছত এই পাতবোৰ গ্ৰাইণ্ডাৰত গুৰি কৰক।
  • তাৰ পিছত নাৰিকল তেল দিয়ক আৰু অলপ বেছি গুৰি কৰক।
  • যেতিয়া নিম পাত আৰু নাৰিকল তেল ভালদৰে মিহলি হয়, তেতিয়া সামগ্ৰীখিনি এখন পেনত ৰাখক আৰু পাতল জুইত গৰম কৰক।
  • ইয়াক চাৰিৰ পৰা পাঁচ মিনিটৰ বাবে কম জুইত ৰান্ধক। নিম পাত জ্বলি নাযায় তাৰবাবে সাৱধান হ’ব।
  • যেতিয়া দুয়োটা মিশ্ৰণ ভালদৰে মিহলি হয়, গেছ বন্ধ কৰক।
  • তাৰ পিছত অলপ সময়ৰ বাবে ঠাণ্ডা হ’বলৈ দিয়ক।
  • যেতিয়া মিশ্ৰণটো ঠাণ্ডা হব, তেতিয়া স্ট্ৰেইনাৰৰ সহায়ত তেলখিনি উলিয়াই বটল এটাত ৰাখক৷ নিম তেল সাজু।

নিম তেল সহজে ক্ৰয় কৰক (easily available).

নীমৰ পাৰ্শ্বক্ৰিয়া (Side Effects of Neem)

নীম হৈছে প্ৰকৃতিৰ এক আশীৰ্বাদ, তথাপিও নীমৰ ব্যৱহাৰ সাৱধানতাৰে কৰিব লাগে৷

  • এক গৱেষণা অনুসৰি, নীমৰ নিষ্কাশনৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাৰ ক্ষমতা থাকে। নিম্ন ৰক্তচাপ থকা লোকসকলে নীম গ্ৰহণ পৰিহাৰ কৰাটো ভাল।
  • ডায়েবেটিচ(Diabetes) ৰোগীসকলে নীমৰ সেৱন চিকিৎসকৰ পৰামৰ্শত গ্ৰহণ কৰিব লাগে৷ কিয়নো ইয়াত ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰাৰ গুন আছে। এই ক্ষেত্ৰত, ইয়াৰ গ্ৰহণে ৰক্ত শৰ্কৰাৰ স্তৰ স্বাভাৱিকতকৈ কম কৰিব পাৰে। বিশেষকৈ, যদি কোনোবাই ডায়েবেটিচৰ ঔষধ গ্ৰহণ কৰি আছে, নিম সেৱন কৰাৰ আগতে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।
  • যদি কোনো ব্যক্তিৰ ছাল সংবেদনশীল(Sensitive) হয়, প্ৰথমে নীম ব্যৱহাৰ কৰি পেচ পৰীক্ষা(patch test) কৰিব।
  • ইয়াৰ উপৰিও, কেইবাটাও অধ্যয়নত শিশুৰ নিম তেলৰ পাৰ্শ্বক্ৰিয়াও লক্ষ্য কৰা হৈছে। এক গৱেষণা অনুসৰি, শিশুৰ নিম তেল খোৱাৰ ফলত বমি, অধিক টোপনি আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা হ’ব পাৰে। কেৱল সেয়াই নহয়, নিম তেলেও জীৱনৰ বিপদাশংকা সৃষ্টি কৰিব পাৰে ।
  • তদুপৰি, নিম তেলৰ বিষাক্ত প্ৰভাৱৰ ফলত ডায়েৰিয়া আৰু উকালি অহা আদি হ’ব পাৰে।

Suggested:

Benefits of Neem – Uses and Side Effects

বিঃদ্ৰঃ গৰ্ভৱতী আৰু শিশুক নীম বা নীম সমৃদ্ধ খাদ্য দিয়াৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিশ্চিত। লগতে, যদি কাৰোবাৰ স্বাস্থ্যজনিত সমস্যা আছে, নীম গ্ৰহণ কৰাৰ আগে বিশেষজ্ঞৰ পৰামৰ্শ লব ৷

আশাঁ কৰো উপৰোক্ত নীম সম্পৰ্কীয় লিখনিৰদ্বাৰা আপোনালোক উপকৃত হল ৷

 Disclaimer: The information included at HelthyLeaf is for educational purposes only and is not intended to be a substitute for medical treatment by a healthcare professional. Because of unique individual needs, the reader should consult their physician to determine the appropriateness of the information for the reader’s situation. 

Author: Mitali saikia

Leave a Reply