15+ হালধিৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and Uses of Turmeric

হালধিৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and Uses of Turmeric/Curcuma longa Linn)

চমু পৰিচয়

পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে ভৰপূৰ। পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ  ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতে প্ৰতিষ্ঠিত। এনে এবিধ ঔষধি গুণেৰে পৰিপুষ্ট মছলাজাতীয় উদ্ভিদ হ’ল হালধি (Turmeric)। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে হালধি (turmeric) বিভিন্ন  ধৰণৰ ৰোগ নিৰাময়ৰ প্ৰতিৰোধক ৰূপে ব্যৱহাৰ হৈ আহিছে। 

হালধি কি ?

হালধি (Turmeric) হ’ল এবিধ তৃণ জাতীয় বনৌষধি গুণেৰে পৰিপুষ্ট মছলাজাতীয় উদ্ভিদ। আয়ুৰ্বেদ শাস্ত্ৰত হালধিক সবাতোকৈ স্বাস্থ্যকৰ মছলা বুলি কোৱা হয়। বিভিন্ন ধৰণৰ ৰোগৰ নিৰাময়ৰ প্ৰতিৰোধক  ৰূপে হালধি বহুল ভাৱে ব্যৱহাৰ কৰা হয়। ঔষধি গুণৰ লগতে ৰান্ধনি ঘৰত হালধি এক অন্যতম মছলা। সৌন্দয্য  চৰ্চাতো হালধিৰ ব্যৱহাৰ উল্লেখনীয়। ইয়াৰ উপৰি, হালধি ভাৰতীয় সংস্কৃতিৰ অব্বিচ্ছেদ্য  অংগ। বিশ্বত বছৰি ৮ লাখ টন হালধি উৎপাদন কৰা হয়।  ইয়াৰে ৭৫% ভাৰতত উৎপাদন কৰা হয়।

হালধিৰ উপকাৰিতা আৰু ব্যৱহাৰ
হালধিৰ উপকাৰিতা আৰু ব্যৱহাৰ

হালধি (Turmeric) গছ ৪ পৰা ৫ ফুট মান ওখ হয়। হালধি গছৰ বৰণ সেউজীয়া। ইয়াৰ পাতবোৰ সেউজীয়া বৰণৰ ১০-২০ চেণ্টিমিটাৰ দীঘলীয়া, বহল, ডিম্বাকাৰ, বৃত্তাকাৰ, তম্বুলাকাৰ, দাঁতিনিমজ, তলমিহি, লোমশ আকৃতিৰ। হালধিৰ ভিতৰত অংশৰ বৰণ হালধীয়া হয়। ইয়াৰ সোৱাদ তিতা হয়। এই হালধি সমূহ ৰ’দত শুকুৱাই খুন্দি গুৰি কৰি হালধি মছলা প্ৰস্তুত কৰা হয়। 

উৎপাদন আৰু অৱস্থিতি (Cultivation)

হালধিৰ বহু প্ৰজাতি পোৱা যায়। ভাৰত (India), মালায়ছিয়া (Malaysia), থাইলেণ্ড (Thailand), উত্তৰ অষ্ট্ৰেলিয়া (North Australia) ত ইয়াৰ বিভিন্ন প্ৰজাতি দেখা পোৱা যায়। ভাৰতত প্ৰায় হালধিৰ ৩০ বিধ প্ৰজাতি পোৱা যায়। ভাৰত (India), বাংলাদেশ (Bangladesh), পাকিস্তান (Pakistan), শ্ৰীলংকা (Sri Lanka), টাইৱান(Taiwan), চীন (China), ম্যানমাৰ (Myanmar), ইন্দোনেছিয়া (Indonesia) দেশতো হালধি উৎপাদন কৰা হয় আৰু মধ্য আৰু দক্ষিণ আমেৰিকা (Central and South America) তো ব্যৱসায়িক ভিত্তিত হালধিৰ খেতি কৰা হয়। অসম তথা অসমীয়া জনজীৱনতো প্ৰাচীন কালৰে পৰা হালধি বহুলভাৱে ব্যৱহৃত হৈ আহিছে।

পুষ্টিকৰ উপাদান ঔষধি গুণাগুণ (Nutritional Elements Medicinal Properties)

কেঁচা হালধি (Raw turmeric ) ত কেলচিয়াম (Calcium), আইৰণ (Iron), মেগনেছিয়াম (Magnesium), জিংক (Zinc) আৰু বিভিন্ন ভিটামিন (Vitamin) থাকে যিয়ে বিভিন্ন ৰোগৰ পৰা আমাক ৰক্ষা কৰে। কেঁচা হালধি খাদ্য হিচাপে, গাখীৰৰ সৈতে আৰু ঔষধৰূপে ইয়াৰ প্ৰলেপ বনাই ব্যৱহাৰ কৰা হয়। কেঁচা হালধি চৰ্দি, কাঁহ আদি ৰোগৰ নিৰাময়কাৰী ঔষদৰূপে উপয়োগ কৰা হয়। হালধিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) বৃদ্ধি কৰি বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। হালধিক বীজাণুনাশক আৰু শক্তিবৰ্ধক বুলিও কোৱা হয়। হালধিয়ে আহাৰ জীণ যোৱাত সহায় কৰে আৰু ভুক বঢ়াই। প্ৰাচীন কালৰে পৰা ভাৰতত বিভিন্ন ৰোগৰ প্ৰতিৰোধক ৰূপে আৰু আয়ুৰ্বেদিক চিকিৎসাত, সিন্ধ আৰু য়ুনানী চিকিৎসাত হালধি (Turmeric) ব্যৱহাৰ হৈ আহিছে। বিশেষকৈ শৰীৰৰ বিষ, বাত বিষ, চৰ্দি, কাঁহ, চৰ্মৰোগ, লিভাৰৰ ৰোগ, বদহজম, শ্বাসজনিত ৰোগ আদিত হালধিৰ  উপকাৰিতা দেখা যায়। ভাৰতৰ লগতে চীন আৰু নেপাল দেশতো পৰম্পৰাগত ৰোগৰ চিকিৎসাত প্ৰতিৰোধক ৰূপে হালধি প্ৰয়োগ কৰা হয়। 

অন্যান্য ব্যৱহাৰ

অসমীয়া সংস্কৃতিত হালধি (Turmeric) বিশেষ গুৰুত্ব আছে। বহাগ বিহুত গা ধুবলৈ কেঁচা হালধি (Raw turmeric) ৰ সৈতে মাটিমাহৰ প্ৰলেপ বনাই সানি ব্যৱহাৰ কৰা হয়। বিবাহৰ দৰে মাংগলিক কাৰ্যতো বিবাহৰ পূৰ্বে কেঁচা হালধি সানি দৰা -কইনাক গা – ধোৱা হয়। 

কোনো পদাৰ্থৰ খাৰুৱা গুণ বা অম্লতা চিনাক্ত কৰিবলৈ হালধি (Turmeric) নিমিত কাগজ (Curcuma Paper) ব্যৱহাৰ হৈছিল। এচিড মাধ্যমত আনে কাকত হালধীয়া পৰে আৰু খাৰুৱা মাধ্যমত এনে কাকত ৰঙা বৰণৰ হয়। 

ঔষধি গুণেৰে পৰিপুষ্ট হোৱাৰ উপৰিও হালধি (Turmeric) ৰান্ধনি ঘৰৰ অন্যতম মছলা। ব্যঞ্জন তৈয়াৰ কৰিবলৈ প্ৰতিদিনে হালধি ব্যৱহাৰ কৰা হয়। ই ব্যঞ্জনত ৰং কঢ়িয়াই অনাৰ উপৰিও ব্যঞ্জনত সুকীয়া সোৱাদ আনে। আনফালে সৌন্দয্য চৰ্চা ক্ষেত্ৰতো হালধি বিশেষ গুৰুত্ব আছে। মুখমণ্ডলৰ উজ্বলতা বঢ়াবলৈ, শালমইনা, ৰ’দে পোৰা আদিৰ বাবে হালধি ব্যৱহাৰ কৰা হয়।

Read Also: চিৰতাৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া – Health Benefits of Chirata

হালধি (Turmeric) ৰ বৈজ্ঞানিক নাম হ’ল – ‘Curcuma longa Linn’.

হালধিৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন (Scientific Classification of Turmeric)

  • জগৎ / ৰাজ্য (Kingdom) : Plantae 
  • অশ্রেনিকৃত (Clade) : Tracheophytes
  • অশ্রেনিকৃত (Clade) : Angiosperms 
  • অশ্রেনিকৃত (Clade) : Monocots 
  • অশ্রেনিকৃত (Clade) :  Commelinids 
  • বৰ্গ  (Order) : Zinggiberales 
  • পৰিয়াল (Family) : Zingiberaceae 
  • গণ (Genus) : Curcuma 
  • প্ৰজাতি (Species) : C. Longa 
  • বৈজ্ঞানিক নাম (Scientific name) : Curcuma Longa 

হালধিৰ  উপকাৰিতা (Benefits of Turmeric)

১. হালধি (Turmeric) হৃদ ৰোগ (Heart disease)ৰ বাবে উপকাৰী। কেঁচা হালধিৰ নিয়মীয়াকৈ সেৱন কৰিলে দেহত বৃদ্ধি পোৱা কলেষ্টৰল পৰিমাণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। যাৰ ফলত হৃদ ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

২. শৰীৰৰ যিকোনো ধৰণৰ কটা – ছিঙা বা ঘাঁহ (Cut/wounds) আদি হ’লে তাত কেঁচা হালধি (Raw turmeric) পিচি প্ৰলেপ লগালে উপকাৰ হয়।

৩. শৰীৰৰ গাঁঠিৰ বিষত হালধিৰ উপকাৰিতা দেখা যায়। হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে। 

৪. হালধিয়ে খাদ্যৰ পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়াই। 

৫. হালধি ছালৰ সংক্ৰমণ (skin infections) ৰোধ কৰে। শালমন, কলা দাগ, ৰ’দে  পোৰা আদিত হালধিৰ ব্যৱহাৰ কৰে।

Read Also: অপৰাজিতা – Benefits and Side Effects of Aparajita

৬. হালধি মুখৰ উজ্বলতাৰ বাবেও উপকাৰী। 

৭. হালধি সংক্ৰমণ ৰোধক (anti-infectious), এণ্টিবেক্টেৰিয়েল (anti-bacterial), এণ্টিভাইৰেল (anti-viral) গুণযুক্ত। 

৮. হালধি চকুৰ ৰোগ (eye disease) ৰ বাবে উপকাৰী। কেটেৰেক্ট (Cataract), ইউডিআইটিচৰ দৰে চকুৰ ৰোগ (eye disease) সমূহ নিৰাময় কৰে।

৯. লিভাৰৰ ৰোগ (Liver disease), আভোক, জণ্ডিছ (Jaundice), চিৰচিচ (Psoriasis) আদি ৰোগৰ বাবে হালধি উপকাৰী।

১০. ৰাতিপুৱা সময় হালধি গাখীৰ খালে শৰীৰ এলাৰ্জি (Allergy) সমূহ নাইকিয়া হয় । 

১১. হালধি চৰ্দি- জ্বৰৰ ৰোগৰ বাবে উপকাৰী। প্ৰতিদিনে কেঁচা হালধি গাখীৰত দি খালে চৰ্দি – জ্বৰ আদিৰ পৰা সকাহ পাব পাৰি। 

১২. হালধিয়ে মধুমেহ নিয়ন্ত্ৰণ (Diabetes control) কৰে। হালধি মধুমেহ (Diabetes) ৰোগৰ বাবে উপকাৰী। হালধিত থকা লিপোপলিচেকেইড নামৰ উপাদানটোৱে তেজ গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰে। কেঁচা হালধি নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 

১৩. নিয়মিত হালধি গাখীৰ খালে কাৰকিউমিনৰ প্ৰভাৱত বিডিএনএফ (BDNF) নামৰ এক ৰাসায়নিকৰ পৰিমাণ বাঢ়ে  যাৰ বাবে আলঝেইমাৰৰ প্ৰকোপ কমে আৰু মগজুৰ কাৰ্যক্ষমতা বাঢ়ে।

১৪. প্ৰস্বাৱ কমকৈ হোৱা বা প্ৰস্বাৱত জ্বলা – পোৰাত হালধিৰ উপকাৰিতা । ২ চামুচ হালধি ৰস , ৪ চামুচ চালকুৱৰি ৰস ( Aloe vera ) আৰু ১/২ কাপ কূহুমিয়া পানী দিনত তিনিবাৰকৈ খালে E. Coli বীজাণু ৰোধ কৰিব পাৰে। 

১৫. শৰীৰৰ অত্যাধিক ওজন (obesity) হ্ৰাস কৰাত হালধি উপকাৰী। 

১৬. জুয়ে পোৰাৰ বাবে হালধি উপকাৰী। জুয়ে পোৰা অংশত হালধিৰ প্ৰলেপ লগালে কিছু সকাহ পোৱা যায়।

হালধি কিদৰে ব্যৱহাৰ কৰিব (How to use Turmeric)

  • হালধি গুৰি ১ চামুচ আৰু ১/২ গিলাছ সামান্য গৰম পানীত দি মিহলাই দৈনিক দুবাৰকৈ খালে উচ্চ ৰক্তচাপ  (high blood pressure) নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। 
  • কেঁচা হালধি, ক’লা  তুলসী, বেচন আৰু মৌ ৰস মিহলাই প্ৰলেপ মুখমণ্ডলত লগালে মুখৰ ক’লা দাগবোৰ আঁতৰ হয়।
  • ৰাতিপুৱা সময়ত ১/২ লিটাৰ পানীৰ খোৱাৰ পাছত ২ চাহ চামুচ কেঁচা হালধি ৰস দৈনিক সেৱন কৰিলে পেলু, কৌষ্ঠকাটিন্য (Constipation) আৰু গেষ্ট্ৰাইটিজ (Gastrisitis) ৰ পৰা ৰক্ষা পাব পাৰি।
  • হালধি (Turmeric) ২ চামুচ ১ গিলাচ গাখীৰ দৈনিক দুবাৰ খালে স্বাস্থ্যকৰ আৰু শক্তিশালী হৈ থাকিব পাৰি।
  • ১০০ গ্ৰাম কেচাঁ হালধি ভালকৈ ধুই খুন্দি ৰস উলিয়াই চেনি আৰু অলপ পানী দি দৈনিক তিনিবাৰকৈ খালে এচিডিটি (Acidity) ৰ পৰা ৰক্ষা পাব পাৰি।
  • কেঁচা হালধি নহৰু আৰু ঘিউৰ সৈতে সেৱন কৰিলে পেটৰ বিষ বা বদহজমৰ পৰা যথেষ্ট সকাহ পোৱা যায়। 
  • হালধিয়ে এণ্টিবায়টিক (antibiotic) হিচাপেও কাম কৰে।

Read Also: ২০ লঙৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and Uses

হালধিৰ অপকৰিতা (Side Effects of Turmeric)

হালধিৰ বহুবোৰ উপকাৰিতা থকাৰ উপৰিও কিছু অপকাৰীতা দেখা যায় –

  • হালধিয়ে তেজ পাতল কৰে সেয়ে জোখতকৈ বেছি পৰিমাণে হালধি (Turmeric) খাব নালাগে। 
  • গৰ্ভৱতী মহিলাসকলে হালধি (turmeric) বেছি খাব নালাগে বেছি খালে জৰায়ুৰ সংকোচন কৰাৰ ফলত গৰ্ভপাত (Miscarriage) হ’ব  পাৰে। 
  • পিত্তত আৰু কিডনিৰ পাথৰ থকা লোকসকলে  হালধি (Turmeric)  বেছি খাব নালাগে কাৰণ হালধি বেছিকৈ খালে পাথৰবোৰ আকাৰ বাঢ়িব পাৰে। 

Also Read: Anemia Disease – Overview, Symptoms, Causes and Remedy

*সেয়হে যিকোনো ৰোগৰ নিৰাময় বাবে সঠিক জোখমতে হালধি (turmeric) খোৱা উপকাৰী

সামৰণি

উক্ত প্ৰবন্ধটিৰ দ্বাৰা আপোনি হালধি (Turmeric)ৰ  এক সাধাৰণ পৰিচয়ৰ পৰা আৰম্ভ কৰি এই ঔষধিয় ভেষজ তথা মছলাবিধৰ বৈজ্ঞানিক নাম, ইয়াত নিহিত হৈ থকা পুষ্টিকৰ উপাদান, ইয়াৰ ব্যবহাৰ, উপকাৰীতা আৰু অপকাৰিতাৰ বিষয়ে জানিব পাৰিলে। আশা কৰো এই প্ৰবন্ধটিয়ে আপোনাক বিভিন্ন ধৰণে উপকাৰ সাধিব। ধন্যবাদ!

FAQ

১) হালধি কিহৰ বাবে ভাল?

উঃ- হালধিৰ আটাইতকৈ সক্ৰিয় যৌগ, কাৰকিউমিন (Curcumin)-ৰ বহুতো বৈজ্ঞানিকভাৱে প্ৰমাণিত স্বাস্থ্য লাভালাভ আছে, যেনে –

  • হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে
  • আলঝেইমাৰ আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ
  • শক্তিশালী প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট
  • হতাশা আৰু আৰ্থ্ৰাইটিছৰ লক্ষণবোৰ উন্নত কৰাত সহায়ক  আদি।

২) মই দৈনিক কিমান হালধি গ্ৰহণ কৰা উচিত?

উঃ- প্ৰতিদিনে  গ্ৰহণ কৰিব পৰা অনুমোদিত হালধিৰ পালি হৈছে ১৫০-২৫০ মিগ্ৰা কাৰকিউমিন আৰু হালধিশিৰ ক্ষেত্ৰত ১০০০-১৫০০ মিগ্ৰা পাউডাৰ। দৈনিক গ্ৰহণ কৰিবলৈ এয়া এক সুৰক্ষিত পালি আৰু হালধিৰ পৰিপূৰক গ্ৰহণ কৰা সকলৰ বাবে স্বাস্থ্য লাভালাভ প্ৰাপ্ত কৰাৰ বাবে পৰ্যাপ্ত হ’ব লাগে।

৩) হালধিৰ কোনো পাৰ্শ্বক্ৰিয়া আছে নেকি?

উঃ- ডাঙৰ পালিত গ্ৰহণ কৰিলে হালধিয়ে সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া দেখুৱাব পাৰে,  মৃদু পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে –

  • পাকস্থলীৰ বিকাৰ,
  • এচিড ৰিফ্লাক্স,
  • ডায়েৰিয়া,
  • মূৰ ঘূৰোৱা আৰু মুৰৰ বিষ।

বেছিকৈ হালধিৰ পৰিপূৰক গ্ৰহণ কৰিলে প্ৰস্ৰাৱৰ অক্সেলেটৰ স্তৰ যথেষ্ট বৃদ্ধি হ’ব পাৰে, যাৰ ফলত বৃক্কত পাথৰ গঠন হোৱাৰ আশংকা বৃদ্ধি হয়।

৪) হালধি যকৃতৰ বাবে ভাল নেকি?

উঃ- ডায়েবেটিচ বা অন্যান্য স্বাস্থ্য অৱস্থাৰ বাবে শক্তিশালী ঔষধ গ্ৰহণ কৰা লোকসকলৰ যকৃত ঔষধৰ পাৰশ্বক্ৰিয়াৰূপে আঘাতগ্ৰস্থ হʼব পাৰে। এনে ক্ষেত্ৰত হালধিৰ এণ্টিঅক্সিডেণ্ট প্ৰভাৱে তেওঁলোকৰ যকৃতক বিষাক্ত পদাৰ্থৰ পৰা সুৰক্ষিত কৰিব পাৰে।

৫) কোনে হালধি গ্ৰহণ কৰা উচিত নহয়?

উঃ- হালধি গ্ৰহণে ক্ষতি সাধন কৰিব পাৰ  লোকসকলৰ ভিতৰত আছে –

  • পিত্তথলীৰ সমস্যা থকা লোক,
  • ৰক্তক্ষৰণৰ বিকাৰ থকা লোক,
  • ডায়েবেটিচৰ ৰোগী,
  • গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ৰোগ (জিইআৰডি) থকা লোক,
  • বন্ধ্যাত্বত ভোগা লোক,
  • তেজত লোৰ অভাৱ থকা লোক,
  • যকৃতৰ ৰোগী,
  • হৰমন-সংবেদনশীল স্থিতি আৰু এৰিথমিয়া থকা লোক।

ইয়াৰোপৰি, গৰ্ভৱতী মহিলা আৰু যিসকলে অস্ত্ৰোপচাৰ কৰিবলৈ গৈ আছে তেওঁলোকে হালধি ব্যৱহাৰ কৰিব নালাগে।

৬) হালধি গ্ৰহণ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় কি?

উঃ- হালধি গ্ৰহণ কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায় হৈছে ইয়াক তৰল ৰূপত গ্ৰহণ কৰাটো, যেনে- আপোনি কেৱল হালধিৰ ৰসপান কৰিব পাৰে বা ইয়াক পানীৰ সৈতে অথবা গাখীৰৰ সৈতে মিহলি কৰি খাব পাৰে।

৭) হালধি ৰক্তচাপৰ বাবে ভাল নেকি?

উঃ- হালধিয়ে ভাস্কুলাৰ এণ্ডোথেলিয়াল কাৰ্য উন্নত কৰি প্ৰাকৃতিকভাৱে (বয়সবৃদ্ধিৰ সৈতে) উচ্চ হোৱা ৰক্তচাপৰ বাবে ভাল।

৮) হালধি ওজন হ্ৰাসৰ বাবে ভাল নেকি?

উঃ- জন্তুৰ ওপৰত কৰা  এক অধ্যয়নে সূচায় যে এই যৌগটোৱে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে, চৰ্বি কলাৰ বৃদ্ধি হ্ৰাস কৰিব পাৰে, ওজন পুনৰুদ্ধাৰ নিয়ন্ত্ৰণ কৰিব পাৰে, আৰু ইনচুলিন হৰমনৰ প্ৰতি আপোনাৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে।

৯) হালধি কলেষ্টেৰলৰ বাবে ভাল নেকি?

উঃ- নিয়ন্ত্ৰিত পৰীক্ষণৰ এক সমীক্ষাত দেখা গৈছে যে হালধি বা ইয়াৰ সক্ৰিয় উপাদান কাৰকিউমিনে মুঠ কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আৰু এলডিএল হ্ৰাস কৰিব পাৰে।

 Disclaimer: The information included at HelthyLeaf is for educational purposes only and is not intended to be a substitute for medical treatment by a healthcare professional. Because of unique individual needs, the reader should consult their physician to determine the appropriateness of the information for the reader’s situation.

Author: Mahezubin Saikia

Leave a Reply